শ্ৰীমদ্ভগৱদগীতাৰ চতুৰ্দ্দশ অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি
শ্ৰীমদ্ভগৱদগীতা-অসমীয়া
চতুৰ্দ্দশ অধ্যায় - গুণত্ৰয়বিভাগযোগ
শ্ৰীভগৱান উৱাচ -
পৰং ভূয়: প্ৰৱক্ষ্যামি জ্ঞানানাং জ্ঞানমুত্তমম |
যজজ্ঞাত্বা মুনয়: সৰ্ব্বে পৰাং সিদ্ধিমিতো গতা: || ১
শ্ৰীভগৱানে
ক’লে - পুনৰ (মই তোমাক) সকলো প্ৰকাৰ জ্ঞানতকৈ
উত্কৃষ্ট (পৰমাৰ্থ) জ্ঞানৰ উপদেশ দিব খুজিছো, যি জ্ঞান লাভ কৰি মুনিসকলে এই সংসাৰত অতিক্ৰম কৰি পৰম সিদ্ধি লাভ কৰে |
ইদং জ্ঞানমুপাশ্ৰিত্য মম সাধৰ্ম্ম্যমাগতা: |
সৰ্গেত্
পি
নোপজায়ন্তে
প্ৰলয়ে
ন
ব্যথন্তি || ২
এই জ্ঞান লাভ কৰি মোৰ সমধৰ্ম্মী
হোৱাসকলে সৃষ্টি কালতো জন্ম গ্ৰহণ নকৰে আৰু প্ৰলয় কালতো ব্যথিত হ’ব নালাগে |
মম
যোনিৰ্ম্মহদ্ভৃব্ৰক্ষ্ম
তস্মিন
গৰ্ভং
দধাম্যহম |
সম্ভৱ: সৰ্ব্বভূতানাং
ততো
ভৱতি
ভাৰত || ৩
হে ভাৰত, মহত্ শব্দবাচ্য ব্ৰহ্ম (ত্ৰিগুণাত্মিক প্ৰকৃতি) মোৰ (পৰমেশ্বৰৰ) যোনি অৰ্থাত্ গৰ্ভধাৰণ স্থান (সমস্ত চৰাচৰৰ উত্পাদনৰ
কাৰণ)| মই তাত গৰ্ভ সঞ্চাৰ কৰো (অৰ্থাত্ বীজ নিক্ষেপ কৰো) | তাৰ পৰা সমস্ত ভূতৰ উত্পত্তি হয় |
সৰ্ব্বযোনিষু
কৌন্তেয়
মূৰ্ত্তয়: সম্ভৱন্তি
যা: |
তাসাং
ব্ৰক্ষ্ম
মহদযোনিৰহং
বীজপ্ৰদ: পিতা || ৪
হে কুন্তীনন্দন, সকলো প্ৰকাৰ যোনিত যিবোৰ দেহাবিশিষ্ট
মূৰ্ত্তি অভিব্যক্ত হয়, সেই সকলোবোৰৰে
মহত্ শব্দ বাচ্য ব্ৰহ্ম (উপাদান কাৰণ) আৰু মই বীজদাতা পিতা (নিমিত্ত কাৰণ) |
সত্ত্বং ৰজস্তম ইতি গুণা: প্ৰকৃতিসম্ভৱা: |
নিবধ্নন্তি
মহাবাহো
দেহে
দেহিনমব্যয়ম || ৫
হে মহাবাহো, প্ৰকৃতিৰ পৰা উত্পন্ন হোৱা সত্ত্ব ৰজ: তম: এই তিনিটা গুণে দেহধাৰী অবিনাশী আত্মাক দেহত বান্ধি ৰাখে |
তত্ৰ
সত্ত্বং
নিৰ্ম্মলত্বাত্
প্ৰকাশকমনাময়ম |
সুখসঙ্গেন
বধ্নাতি
জ্ঞানসঙ্গেন
চানঘ || ৬
হে নিষ্পাপ অৰ্জ্জুন, এই তিনিগুণৰ
ভিতৰত সত্ত্ব গুণ নিৰ্ম্মল হেতুকে প্ৰকাশক আৰু উপদ্ৰৱ শূণ্য, ই দেহীক সুখাশক্তি
আৰু জ্ঞানশক্তিৰ দ্বাৰা বন্ধন কৰে |
ৰজো
ৰাগাত্মকং
ৱিদ্ধি
তৃষ্ণাসঙ্গসমুদ্ভৱম |
তন্নিৱধ্নাতি
কৌন্তেয়
কৰ্ম্মসঙ্গেন
দেহিনম || ৭
হে কুন্তীপুত্ৰ, ৰজো গুণ বিষয়াসক্তি
ৰঞ্জিত | ই অপ্ৰাপ্ত
বিষয়ৰ প্ৰতি অভিলাষ আৰু প্ৰাপ্ত বিষয়ত প্ৰীতি জন্মায় | সেই ৰজোগুণে দেহীক কৰ্ম্মাসক্তিৰে আবদ্ধ কৰে |
তমস্ত্বজ্ঞানজং ৱিদ্ধি মোহনং সৰ্ব্বদেহিনাম |
প্ৰমাদালস্যনিদ্ৰাভিস্তন্নিৰধাতি
ভাৰত || ৮
হে ভাৰত, তমোগুণ অজ্ঞানৰ পৰা উদ্ভৱ হয় | ই সকলো প্ৰাণীৰে মোহজনক | সেই তমোগুণ কৰ্ত্তব্য
বিমুখতা, আলস্য, নিদ্ৰাৰ দ্বাৰা জীৱক আবদ্ধ কৰি ৰাখে |
সত্ত্বং সুখে সঞ্জয়তি ৰজ: কৰ্ম্মণি ভাৰত |
জ্ঞানমাবৃত্য
তু
তম: প্ৰমাদে
সঞ্জয়ত্যুত || ৯
সত্ত্ব গুণে দেহীক সুখত নিমগ্ন ৰাখে, ৰজ গুণে বিভিন্ন কামনাৰে কৰ্ম্মত আসক্তি বঢ়ায় আৰু তমোগুণে বিবেকেক আচ্ছাদিত কৰি অৱসাদৰূপ প্ৰমাদগ্ৰস্ত কৰে |
ৰজস্তমশ্চাভিভুয় সত্ত্বং ভবতি ভাৰত |
ৰজ: সত্ত্বং
তমশ্চৈৱ
তম: সত্বং
ৰজস্তথা || ১০
হে ভাৰত, সত্ত্ব গুণে ৰজো আৰু তমো গুণক, ৰজো গুণে সত্ত্ব আৰু তমোগুণক আৰু তমো গুণে সত্ত্ব আৰু ৰজোগুণক অভিভূত কৰি প্ৰবল হৈ উঠে |
সৰ্ব্বদ্বাৰেষু দেহেত্ স্মিন প্ৰকাশ উপজায়তে |
জ্ঞানং
যদা
তদা
বিদ্যাদবিবৃদ্ধং
সত্ত্বমিত্যুত || ১১
যেতিয়া এই দেহৰ সমুদায় ইন্দ্ৰিয়ত
প্ৰকাশ স্বৰূপ জ্ঞান আবিৰ্ভুত হয় তেতিয়া সত্ত্ব গুণ বৃদ্ধি প্ৰাপ্ত হৈছে বুলি বুজিব লাগে |
লোভ: প্ৰবৃত্তিৰাৰম্ভ: কৰ্ম্মণামশম: স্পৃহা |
ৰজস্যেতানি
জায়ন্তে
বিবৃদ্ধে
ভৰতৰ্ষভ || ১২
হে ভাৰতৰ্ষভ, ৰজোগুণ বৃদ্ধিপ্ৰাপ্ত
হ’লে লোভ আদি নানা কৰ্ম্মৰ আৰম্ভ আৰু ভোগ ইচ্ছা উত্পন্ন
হয় |
অপ্ৰকাশোত্ প্ৰবৃত্তিশ্চ প্ৰমাদো মোহ এৱ চ |
তমস্যেতানি
জায়ন্তে
বিবৃদ্ধে
কুৰুনন্দন || ১৩
হে কুৰুনন্দন, তমোগুণ বৰ্দ্ধিত
হলে অবিবেক, কৰ্ত্তব্য
কৰ্ম্মৰ প্ৰতি অবহেলা, প্ৰমাদ আৰু মোহ উত্পন্ন হয় |
যদা
সত্ত্বে
প্ৰবৃদ্ধে
তু
প্ৰলয়ং
যাতি
দেহভৃত্ |
তদোত্তমৱিদাং
লোকানমলাম
প্ৰতিপদ্যতে || ১৪
যেতিয়া সত্ত্বগুণৰ
বৃদ্ধিপ্ৰাপ্ত সময়ত দেহাৰ মৃত্যু ঘটে, তেতিয়া সেইজনৰ তত্ত্বজ্ঞানীসমূহৰ নিৰ্ম্মল লোকসমূহ প্ৰাপ্ত হয় |
ৰজসি প্ৰলয়ং গত্বা কৰ্ম্মসঙ্গিষু জায়তে |
তথা
প্ৰলীনস্তমসি
মূঢ়যোনিষু
জায়তে || ১৫
ৰজোগুণৰ বৃদ্ধিকালত
মৃত্যু হ’লে কৰ্ম্মাসক্ত মনুষ্যলোকত জন্ম হয়, তেনেকৈয়ে তমোগুণৰ বৃদ্ধিকালত মৃত্যু হ’লে পশু আদি মূঢ় যোনিত জন্ম হয় |
কৰ্ম্মণ: সুকৃতস্যাহু: সাত্ত্বিকং নিৰ্ম্মলং ফলম |
ৰজসস্তু
ফলং
দু:খমজ্ঞানং
তমস: ফলম || ১৬
জ্ঞানীসকলে
কয় - সাত্ত্বিক কৰ্ম্মৰ ফল নিৰ্ম্মলতা (চিত্তশুদ্ধি), ৰাজসিক কৰ্ম্মৰ ফল দুখ আৰু তামসিক কৰ্ম্মৰ ফল অজ্ঞান |
সত্ত্বাত্
সঞ্জায়তে
জ্ঞানং
ৰজসো
লোভ
এৱ
চ |
প্ৰমাদমোহৌ
তমসো
ভৱতোত্জ্ঞানমেৱ
চ || ১৭
সত্ত্বগুণৰ
পৰা জ্ঞান আৰু ৰজোগুণৰ পৰা লোভ উত্পত্তি হয় | তমোগুণৰ পৰা প্ৰমাদ, মোহ আৰু অজ্ঞান উত্পন্ন হয় |
ঊৰ্দ্ধং
গচ্ছন্তি
সত্ত্বস্থা
মধ্যে
তিষ্ঠন্তি
ৰাজসা: |
জঘন্যগুণবৃত্তস্থা
অধো
গচ্ছন্তি
তামসা: || ১৮
সত্ত্বগুণৰ
লোকসকল মৃত্যুৰ পাছত ঊৰ্ধ্বলোকলৈ যায়, ৰজোগুণীসকলে মনুষ্যাদি লোকত থাকে আৰু জঘণ্য গুণোদ্ভৱ নিদ্ৰা আলস্যাদিত প্ৰৱৰ্ত্তিত তামসিক লোকবোৰে অধোগামী হয় অৰ্থাত্ পশু আদি যোনিত জন্ম গ্ৰহণ কৰে |
গুণেভ্য: কৰ্ত্তাৰং যদা দ্ৰষ্টাত্নুপশ্যতি |
গুণেভ্যশ্চ
পৰং
বেত্তি
মদ্ভাৱং
সোত্
ধিগচ্ছতি || ১৯
যেতিয়া গুণবোৰৰ বাহিৰে অন্য কোনো কৰ্ত্তা যিজনে নেদেখে আৰু গুণবোৰৰো
ওপৰত থকা (গুণ নিয়ন্তা) পৰম তত্ত্ব আত্মাক জানে, তেতিয়া সেইজনে ঈশ্বৰৰূপ প্ৰাপ্ত হয় |
গুণানেতাতীত্য
ত্ৰীন
দেহী
দেহসমুদ্ভৱান |
জন্মমৃত্যুজৰাদু:খৈৰ্বিমুক্তোত্মৃতমশ্নুতে || ২০
দেহীয়ে দেহোত্পত্তিৰ
বীজস্বৰূপ এই তিনি গুণক অতিক্ৰম কৰিব পাৰিলে জন্ম, মৃত্যু আৰু জৰা জনিত দুখৰ পৰা মুক্ত হৈ অমৃতত্ত্ব লাভ কৰে |
অৰ্জ্জুন উৱাচ -
কৈৰ্লিঙ্গৈস্ত্ৰীন
গুণানেতানতীতো
ভৱতি
প্ৰভো |
কিমাচাৰ: কথং
চৈতাংস্ত্ৰীন
গুণানতিৱৰ্ত্ততে || ২১
অৰ্জ্জুনে
ক’লে - হে প্ৰভু, কোনবোৰ লক্ষণৰ দ্বাৰা এজন লোকে এই গুণত্ৰয় অতিক্ৰম কৰিছে বুলি বুজা যায়, তেওঁৰ আচৰণ কেনে আৰু কি কি উপায়ে তেওঁ এই তিনি গুণক অতিক্ৰম কৰে ?
শ্ৰীভগৱান উৱাচ -
প্ৰকাশঞ্চ
প্ৰবৃত্তিঞ্চ
মোহমেৱ
চ
পাণ্ডৱ |
ন
দ্বেষ্টি
সম্প্ৰবৃত্তানি
ন
নিবৃত্তানি
কাঙ্ক্ষতি || ২২
শ্ৰীভগৱানে
ক’লে - হে পাণ্ডৱ, সত্ত্বগুণৰ উদয়ত প্ৰকাশ, ৰজোগুণৰ উদয়ত কৰ্ম্মচেষ্টা আৰু তমোগুণৰ উদয়ত অজ্ঞানতা উপস্থিত হ’লে যি জনে ইয়াৰ কোনোটোকে দ্বেষ নকৰে আৰু সেইবোৰ নিবৃত্ত হ’লেও কোনোটোকে আগ্ৰহ নকৰে |
উদাসীনৱদাসীনো গুণৈৰ্য্যো ন বিচাল্যতে |
গুণা
ৱৰ্ত্তন্ত
ইত্যেবং
যোত্ৱতিষ্ঠতি
নেঙ্গতে || ২৩
যিজন নিৰপেক্ষৰ
দৰে থাকে, গুণসমূহে যাক বিচলিত কৰিব নোৱাৰে, গুণবোৰেই সকলো কামতে ব্যাপৃত আছে বুলি বুজি লৈ যি নিজে স্থিৰ ভাৱে থাকে আৰু আত্মাস্বৰূপৰ পৰা বিচলিত নহয় |
সমদু:খসুখ: স্বস্থ: সমলোষ্টাশ্মকাঞ্চন: |
তুল্যপ্ৰিয়াপ্ৰিয়ো
ধীৰস্তুল্যনিন্দাত্মসংস্তুতি: || ২৪
যি দুখ সুখত সমজ্ঞানী,
আত্ম প্ৰতিষ্ঠা, মাটি, শিল আৰু সোণৰ প্ৰতি একে ভাবাপন্ন, প্ৰিয় আৰু অপ্ৰিয়ত সমবুদ্ধি, ধীৰ স্বভাৱ আৰু নিন্দা বা প্ৰশংসাত সমভাবাপন্ন |
মানাপমানয়োস্তুল্যস্তল্যো
মিত্ৰাৰিপক্ষয়ো: |
সৰ্ব্বাৰম্ভপৰিত্যাগী
গুণাতীত: স: উচ্যতে || ২৫
যিজনে মান, অপমানক সমান বুলি ভাবে, মিত্ৰপক্ষ
আৰু শত্ৰুপক্ষক একে বিবেচনা কৰে, সকলো দৃষ্টাদৃষ্ট ফলজনক কৰ্ম্ম পৰিত্যাগ কৰে সেইজন গুণাতীত বুলি কথিত হয় |
মাঞ্চ
যোত্ব্যভিচাৰেণ
ভক্তিযোগেন
সেৱতে |
স
গুণান
সমতীত্যৈতান
ব্ৰক্ষ্মভূয়ায়
কল্পতে || ২৬
আৰু যিজনে একান্ত ভক্তি সহকাৰে মোক সেৱা কৰে তেওঁ এই গুণবোৰ অতিক্ৰম কৰি ব্ৰহ্ম স্বৰূপতা
লাভৰ যোগ্য হয় |
ব্ৰক্ষ্মণো
হি
প্ৰতিষ্ঠাত্
হমমৃতস্যাবয়স্য
চ |
শাশ্বতস্য
চ
ধৰ্ম্মস্য
সুখস্যৈকান্তিকস্য
চ || ২৭
যিহেতু মই অবিনাশী, পৰম ব্ৰহ্মৰ প্ৰতিষ্ঠান,
সনাতন ধৰ্ম্ম আৰু ঐক্যকান্তিক সুখৰো ময়ে আশ্ৰয় |
ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সু ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
গুণত্ৰয়বিভাগযোগো নাম চতুৰ্দ্দশোত্ধ্যায়: ||
**********************************************