শ্ৰীমদ্ভগৱদগীতা-অসমীয়া

শ্ৰীকৄষ্ণাই চৰণম নম:  

শ্ৰীমদ্ভগৱদগীতা-অসমীয়া : পৰিচয়
শ্ৰীমদ্ভগৱদগীতা গীতা এখন পৰম ৰহস্যময় পুথি । আজীৱন অধ্যয়ন কৰি ইয়াৰ আদি অন্ত পোৱা নাযায় । প্ৰতিদিনে নতুন ভাৱৰ উদয় হয় । গীতা স্বয়ং পদ্মনাভ ভগৱান শ্ৰীবিষ্ণুৰ মুখৰ পৰা নিঃসৃত । কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভৰ পূৰ্বত উভয়পক্ষ যোদ্ধাৰূপত আত্মীয়-স্বজনক দেখি অৰ্জুনে শ্ৰীকৃষ্ণক কি কৈছিল সেয়া সৰ্বজনবিদিত । অৰ্জুনৰ ভুল সংশোধনৰ বাবে কৈছিল-- আত্মা কেতিয়াও বিনষ্ট নহয়, আত্মা নৃত্য স্থিতিশীল , অবিনাশী, এই সংসাৰ কৰ্মময়, কৰ্মানুষ্ঠান কৃতকাৰ্য কৰাই মানুহৰ কৰ্তব্য । এনে ধৰণৰ বহু শাস্ত্ৰসন্মত মীমাংশাৰ দ্বাৰা শ্ৰীকৃষ্ণই অৰ্জুনৰ মনৰ ভ্ৰান্তি দূৰ কৰিছিল ।এইসকলো বিষয় লৈ অৰ্জুনৰ প্ৰশ্ন আৰু ভগৱানৰ উত্তৰ ৰূপেশ্ৰীমদ্ভগৱদগীতা ৰচিত । 
পাঠকে সেই পৰম পুৰুষ পৰমেশ্বৰৰ কৃপাতহে এই পুথিৰ গূঢ় তত্ত্ব বুজিবলৈ সক্ষম হ'ব ।সকলো বৰ্ণৰ সকলো শ্ৰেণীৰ মানুহ যি তেওঁৰ ভক্ত,সেইসকলৰ মাজত ইয়াক প্ৰচাৰৰ নিৰ্দেশ দিছে । গীতাশ্ৰয়ীজনক প্ৰভুই মুক্তি দিবই । আমি যেন সকলোৱে প্ৰভুৰ কৃপা লাভ কৰিব পাৰোঁ।
  • শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক উপদেশ গীতাত ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে |অসমীয়া ভাষাত শ্ৰীমদ্ভগৱদগীতা ন পাঠকৰ হাতত তুলি দিবলৈ যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে সকলোৰে শ্ৰীচৰণত আগতীয়াকৈ ক্ষমা বিচাৰিছো |এইখিনি কৰিবলৈ যাওতে বিভিন্ন পুথিৰ সহায় লোৱা হৈছে ভুল-ক্ৰুটিসমূহ আঙুলিয়াই দিলে আমি সংশোধন কৰাৰ চেষ্টা কৰিম ।


শ্ৰীমদ্ভগৱদগীতা-অসমীয়া