শ্ৰীমদ্ভগৱদগীতাৰ দশম অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি
শ্ৰীমদ্ভগৱদগীতা-অসমীয়া
শ্ৰীভগৱান উৱাচ -
ভুয়
এৱ
মহাবাহো
শৃণু
মে
পৰমং
বচ:
|
যত্তেত্হং
প্ৰীয়মাণায় বক্ষামি
হিতকাম্যয়া
|| ১
শ্ৰীভগৱানে
ক’লে - হে মহাবাহু, তোমাৰ (মোৰ কথা শুনি) ভাল লাগিছে বাবে তোমাৰ মঙ্গল কামনাৰে মই যি কথা কম, সেই মোৰ সৰ্ব্বোত্কৃষ্ট কথাবিলাক (মনোযোগেৰে) শুনা |
ন
মে
বিদু:
সুৰগণা:
প্ৰভৱং
মহৰ্ষয়:
|
অহমাদিৰ্হি দেৱানাং
মহৰ্ষীণাঞ্চ
সৰ্ব্বশ:
|| ২
ব্ৰক্ষ্মাদি
দেৱতাসকলৰ আৰু মহৰ্ষিসকলেও মোৰ উত্পত্তিৰ ৰহস্য অৱগত নহয়, কাৰণ মই দেৱতা আৰু মহৰ্ষিসকলৰো সৰ্ব্বপ্ৰকাৰে আদি (অৰ্থাত্ কাৰণ) |
যো
মামজমনাদিঞ্চ
বেত্তি
লোকমহেশ্বৰম
|
অসংমূঢ়: স মৰ্ত্তেষু সৰ্ব্বপাপৈ: প্ৰমচ্যুতে || ৩
যি জনে মোহ পৰবশ নহৈ মোক অনাদি, জন্মৰহিত
আৰু সকলো পৰমেশ্বৰ বুলি বুজে, মৰ্ত্ত্যলোকত তেওঁ সকলো পাপৰ পৰা মুক্ত হয় |
বুদ্ধিৰ্জ্ঞানসন্মোহ:
ক্ষমা
সত্যং
দম:
শম:
|
সুখং
দুখং
ভাবোত্ভাবো
ভয়ঞ্চাভয়মেৱ
|| ৪
অহিংসা
সমতা
তুষ্টিস্তপো
দানং
যশোত্যশ:
|
ভৱন্তি
ভাৱা
ভূতানাং
মত্ত
এৱ
পৃথ
গ
বিধা:
|| ৫
বুদ্ধি, জ্ঞান, অসত্ মোহ, ক্ষমা, সত্য, দম, শম, সুখ, জন্ম, মৃত্যু, ভয়, অভয়, অহিংসা, সমতা, তুষ্টি, তাপ, দান, যশ, অযশ - প্ৰাণীজগতৰ
এই বিভিন্ন ভাববোৰ মোৰ পৰাই উত্পন্ন হয় |
মহৰ্ষয়:
সপ্ত
পূৰ্ব্বে
চত্বাৰো
মনৱস্তথা
|
মদ্ভাৱা মানসা জাতা যেষাং লোক ইমা: প্ৰজা: || ৬
মদগত ভাবনা যুক্ত যি সাতজন (ভৄগু প্ৰভৄতি) মহৰ্ষি আৰু (সাবৰ্ণ বুলি প্ৰসিদ্ধ)
যি চাৰিজন মনু তেওঁলোকে মোৰ মনৰ পৰাই উত্পন্ন হৈছিল, দৄশ্যজগতত স্থাৱৰ-জঙ্গমাত্মক সকলো জীৱই তেওঁলোকৰ প্ৰজা |
এতাং
বিভূতিং
যোগঞ্চ
মম
যো
বেত্তি
তত্বত:
|
সোত্
বিকম্পেন
যোগেন
যুজ্যতে
নাত্ৰ
সংশয়
|| ৭
যি মোৰ এই বিভূতি আৰু সৰ্ব্বেশ্বৰ্য্য লক্ষণ যোগ আৰু তত্ত্ব বুজে তেওঁ অবিচলিত যোগ অৰ্থাত্ তত্ত্বজ্ঞানস্থৈৰ্য্য লাভ কৰে, তাত কোনো সন্দেহ নাই |
অহং
সৰ্ব্বস্য
প্ৰভৱো
মত্ত:
সৰ্ব্বং
প্ৰৱৰ্ত্ততে
|
ইতি
মত্বা
ভজন্তে
মাং
বুধা
ভাৱসমম্বিতা:
|| ৮
ময়ে সমস্ত জগতৰ উত্পত্তিৰ
কাৰণ, মোৰ শক্তিৰ ক্ৰিয়াতে সমস্ত জগত ক্ৰিয়াশীল, এই বিবেচনাৰে মদগত ভাব যুক্ত হৈ তত্ত্বজ্ঞান সম্পন্নলোকে মোক ভক্তি কৰে |
মচ্চিত্তা
মদগত
প্ৰাণা
বোধয়ন্ত:
পৰস্পৰম
|
কথয়ন্তশ্চ
মাং
নিত্যং
তুষ্যন্তি
চ
ৰমন্তি
চ || ৯
(সেই জ্ঞানীসকলে) মন আৰু প্ৰাণ মোতে সন্নিৱিষ্ট কৰি পৰস্পৰে মোৰ বিষয়ে উপদেশ প্ৰদান আৰু মোৰ গুণকীৰ্ত্তন কৰি সদায় সন্তুষ্ট আৰু আনন্দিত হৈ থাকে |
তেষাং
সততযুক্তানাং
ভজতাং
প্ৰীতিপূৰ্ব্বকম
|
দদামি
বুদ্ধিযোগং
তং
যেন
মামুপযান্তি
তে || ১০
এইদৰে মোতে সদা সৰ্ব্বদা
যুক্ত থাকি প্ৰীতিপূৰ্ব্বক মোকে ভজনা কৰা ভক্তসকলক মই সেই বুদ্ধি প্ৰদান কৰো যাৰ দ্বাৰা তেওঁলোকে মোকে লাভ কৰিব পাৰে |
তেষামেৱানুকম্পাৰ্থমহমজ্ঞানজং
তম:
|
নাশয়াম্যাত্মভাৱস্থো
জ্ঞানদীপেন
ভাৱ্বতা
|| ১১
সেই ভক্তসকলৰ
প্ৰতি মই কৃপা কৰিয়েই তেওঁলোকৰ বুদ্ধিবৄত্তিত স্থিত হৈ উজ্জল জ্ঞান প্ৰদীপৰ দ্বাৰা অজ্ঞানৰ অন্ধকাৰ দূৰ কৰো |
অৰ্জ্জুন
উৱাচ
-
পৰং
ব্ৰক্ষ্ম
পৰং
ধাম
পৱিত্ৰং
পৰমং
ভৱান
|
পুৰুষাং
শাশ্বতং
দিব্যবাদিদেৱমজং
বিভূম
|| ১২
আহুস্ত্বামৃষয়:
সৰ্ব্বে
দেৱৰ্ষিৰ্নাৰদস্তথা
|
অসিতো
দেৱলো
ব্যাস:
স্বয়ঞ্চৈৱ
ব্ৰবীষি
মে
|| ১৩
অৰ্জ্জুনে
ক’লে - (হে বাসুদেৱ) তুমি পৰম ব্ৰক্ষ্ম, পৰম আশ্ৰয়, পৰম পবিত্ৰ | দেৱৰ্ষি নাৰদ, অসিত, দেৱল, ব্যাস আদি সকলো ৠষি-মুনিসকলে তোমাক চিৰন্তন দিব্য পুৰুষ আৰু জন্মৰহিত সৰ্ব্বব্যাপক বুলি বৰ্ণনা কৰিছে আৰু তুমিও (সেইদৰেই) মোক কৈছা |
সৰ্ব্বমেতদৃতং
মন্যে
যম্মাং
বদসি
কেশৱ
|
ন
হি
তে
ভগৱন
ব্যক্তিং
বিদুৰ্দ্দেৱা
ন
দানৱা:
|| ১৪
হে কেশৱ, তুমি মোক যিবোৰ কথা কৈছা সেই সকলোবোৰ মই সত্য বুলি ভাবিছো | যিহেতু তোমাৰ আত্মপ্ৰকাশ
দেৱতায়ো নুবুজে, দানৱেই নুবুজে |
স্বয়মেৱাত্মনাত্মানং
বেত্থ
ত্বং
পুৰুষোত্তম
|
ভূতভাৱন
ভূতেশ
দেৱদেৱ
জগত্পতে
|| ১৫
হে পুৰুষোত্তম,
হে ভূতভাবন, হে ভূতেশ, হে দেৱদেৱ, হে জগত্পতি, তুমি নিজেহে নিজ প্ৰভাৱেৰে নিজক জানা | (আনে তোমাৰ তত্ত্ব জানিব নোৱাৰে |)
ৰক্তু
মৰ্হস্যশেষেণ
দিব্যা
হ্যাত্মবিভূতয়:
|
যাভিৰ্ব্বিভূতিৰ্ভিলোকানিমাংস্ত্বং
ব্যাপ্য
তিষ্ঠসি
|| ১৬
তুমি যিবোৰ বিভূতি অৱলম্বন কৰি এই চতুৰ্দ্দশ
ভূবন ব্যাপ্ত হৈ আছা তোমাৰ সেইবোৰ অলৌকিক আত্মপ্ৰকাশৰ বিভূতি সম্পূৰ্ণৰূপে বৰ্ণনা কৰা |
কথং
বিদ্যামহং
যোগিংস্ত্বাং
সদা
পৰিছঃইন্তয়ন
|
কেষু
কেষুচ
ভাৱেষু
চিন্ত্যোত্
সি
ভগৱন্ময়া
|| ১৭
হে যোগিন, কেনেকৈ সদায় চিন্তা কৰিলে মই তোমাক জানিব পাৰিম আৰু কি কি পদাৰ্থত মই তোমাক চিন্তা কৰা উচিত ?
বিস্তৰেণাত্মনো
যোগং
বিভূতিঞ্চ
জনাৰ্দ্দন
|
ভূয়:
কথয়
তৃপ্তিৰ্হি
শৄণ্বতো
নাস্তি
মেত্মৃতম
|| ১৮
হে জনাৰ্দ্দন,
তোমাৰ যোগৈশ্বৰ্য্য আৰু বিভূতিবোৰৰ কথা বিস্তাৰিত ৰূপে তুমি মোক আকৌ কোৱা | তোমাৰ অমৃতময় কথা শুনি মোৰ হেপাঁহ পলোৱা নাই |
শ্ৰীভগৱান
উৱাচ
-
হন্ত
তে
প্কথয়িষ্যামি
দিব্যা
হ্যাত্মবিভূতয়:
|
প্ৰাধান্যত: কুৰুশ্ৰেষ্ঠ নাস্ত্যস্তো বিস্তৰস্য মে || ১৯
ভগৱানে ক’লে - বাৰু হে কুৰুশ্ৰেষ্ঠ,
মোৰ দিব্য আত্মবিভূতিবোৰৰ যিবোৰ প্ৰধান সেইবোৰৰ কথা মই তোমাক ক’ম | বিস্তৃতভাৱে ক’বলৈ মোৰ বিভূতিৰ অন্ত নাই |
অহমাত্মা
গুড়াকেশ
সৰ্ব্বভুতাশয়স্থিত:
|
অহমাদিশ্চ
মধ্যঞ্চ
ভূতানামন্ত
এৱ
চ
|| ২০
হে গুৰাকেশ, মই সকলো প্ৰাণীৰ হৃদয়ত অৱস্থিত আত্মা | সকলো ভুতৰে আদি, মধ্য আৰু অন্ত ময়েই | অৰ্থাত্
সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ ময়ে একমাত্ৰ কাৰণ |
আদিত্যানামহং
বিষ্ণুৰ্জ্জ্যোতিষাং
ৰবিৰংশুমান
|
মৰীচিৰ্মৰুতামস্মি
নক্ষত্ৰাণামহং
শশী
|| ২১
দ্বাদশ আদিত্যৰ ভিতৰত মই কিৰণশালী
সূৰ্য্য, মৰুত্সকলৰ ভিতৰত মই মৰিচী, নক্ষত্ৰবোৰৰ ভিতৰত মই চন্দ্ৰ |
বেদানাং
সামবেদোহন্মি
দেৱানামস্মি
বাসৱ:
|
ইন্দ্ৰিয়াণাং
মনশ্চাস্মি
ভূতানামস্মি
চেতনা
|| ২২
বেদৰ ভিতৰত মই সামবেদ, দেৱতাসকলৰ
ভিতৰত মই ইন্দ্ৰ, ইন্দ্ৰিয়বোৰৰ ভিতৰত মই মন আৰু সকলো প্ৰাণীৰ মই চেতনা (বোধশক্তি) |
ৰুদ্ৰাণাং
শঙ্কাৰশ্চাস্মি
বিত্তেশো
যক্ষৰক্ষসাম
|
বসূনাং
পাৱকশ্চাস্মি
মেৰু:
শিখাৰিণামগম
|| ২৩
একাদশ ৰুদ্ৰৰ ভিতৰত মই শঙ্কৰ, যক্ষ ৰাক্ষসৰ ভিতৰত মই কুবেৰ, অষ্টবসুৰ
ভিতৰত মই অগ্নি আৰু পৰ্ব্বতসমূহৰ ভিতৰত মই সুমেৰু |
পুৰোধসাঞ্চ
মুখ্যং
মাং
বিদ্ধি
পাৰ্থ
বৃহস্পতিম
|
সেনানীনামহং স্কন্দ: সৰসামস্মি সাগৰ: || ২৪
পুৰোহিতসকলৰ
ভিতৰত মোক দেৱগুৰু বৃহস্পতি বুলি জানিবা, সেনাপতিসকলৰ ভিতৰত মই দেৱ সেনাপতি কাৰ্ত্তিক, জলাশয়বোৰৰ ভিতৰত মই সাগৰ |
মহৰ্ষীণাং
ভৄগুৰহং
হিৰামস্ম্যেকমক্ষৰম
|
যজ্ঞনাং
জপষজ্ঞোত্
স্মি
স্থাৱৰাণাং
হিমালয়:
|| ২৫
মহৰ্ষিসকলৰ
ভিতৰত মই ভৃগু, বাক্যৰ ভিতৰত মই একাক্ষৰ ওঙ্কাৰ, যজ্ঞৰ ভিতৰত মই জপ-যজ্ঞ, স্থাৱৰৰ ভিতৰত মই হিমালয় পৰ্ব্বত |
অশ্বত্থ:
সৰ্ব্ববৃক্ষাণাং
দেৱৰ্ষীণাঞ্চ
নাৰদ:
|
গন্ধৰ্ব্বণাং
চিত্ৰৰথ:
সিদ্ধানাং
কপিলো
মুনি:
|| ২৬
সকলো বৃক্ষৰ ভিতৰত মই অশ্বত্থ (আঁহত গছ), মই দেৱৰ্ষিসকলৰ
ভিতৰত নাৰদ, গন্ধৰ্বসকলৰ ভিতৰত চিত্ৰৰথ, সিদ্ধসকলৰ ভিতৰত কপিল মুনি |
উচ্চে:শ্ৰৱসমশ্বানাং
বিদ্ধি
মামমৃতোদ্ভবম
|
ঐৰাৱতং
গজেন্দ্ৰাণাং
নৰাণাঞ্চ
নৰাধিপম
|| ২৭
অশ্ববোৰৰ
ভিতৰত মই সমূদ্ৰ মন্থনত উদ্ভুত উচ্চৈশ্ৰৱা,
হাতীৰ ভিতৰত মই ঐৰাৱত আৰু নৰ (মানুহ) সমজাত মোক ৰজা জানিবা |
আয়ুধানামহং
বজ্ৰং
ধেনূনামস্মি
কামধুক
|
প্ৰজানশ্চাস্মি
কন্দৰ্প:
সৰ্পাণামস্মি
বাসুকি:
|| ২৮
অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত মই বজ্ৰ, গাইসকলৰ ভিতৰত মই কামধেনু, মই প্ৰজাসৃষ্টিৰ
কাৰণ স্বৰূপ কামদেৱ আৰু সৰ্পৰ ভিতৰত মই বাসুকি |
অনন্তশ্চাস্মি
নাহানাং
বৰুণো
যাদসামহম
|
পিতৄণামৰ্য্য্মা
চাস্মি
যম:
সংযমতামহম
|| ২৯
নাগ গণৰ মাজত মই অনন্ত, জলচৰসকলৰ
ভিতৰত মই বৰুণ, পিতৃগণৰ মধ্যত মই অৰ্য্যমা আৰু শাসনকৰ্ত্তাসকলৰ ভিতৰত মই যম |
প্ৰহলাদশ্চাস্মি
দৈত্যানাং
কাল:
কলয়তামহম
|
মৄহাণাঞ্চ
মৄগেন্দ্ৰোত্হং
বৈনতেয়শ্চ
পক্ষিণাম
|| ৩০
মই দৈত্যগণৰ
মধ্যত প্ৰহলাদ, গণনাকাৰীৰ মধ্যত কাল, পশুঅৰ ভিতৰত সিংহ আৰু পক্ষীৰ ভিতৰত গৰুড় |
পৱন
পৱতামস্মি
ৰাম:
শস্ত্ৰভৄতামহম
|
ঝষাণাং
মকৰশ্চাস্মি
স্ৰোতসামস্মি
জাহ্নবী
|| ৩১
মই বেগশালীসকলৰ
ভিতৰত পবন, শাস্ত্ৰধাৰীসকলৰ ভিতৰত ৰাম, জলচৰ প্ৰাণীৰ ভিতৰত মকৰ (মগৰ) আৰু নদীৰ ভিতৰত মই গঙ্গা |
সৰ্গাণামাদিৰন্তশ্চ
মধ্যং
চৈৱাহমৰ্জ্জুন
|
অধ্যাত্মবিদ্যা
বিদ্যানাং
বাদ:
প্ৰৱদতামহম
|| ৩২
অৰ্জ্জুন,
ময়ে সৃষ্টিৰ আদি, মধ্য আৰু অন্ত, বিদ্যাৰ ভিতৰত মই আধ্যাত্মবিদ্যা আৰু বাদীসকলৰ ভিতৰত তৰ্কশাস্ত্ৰসন্মত ’বাদ’ |
অক্ষৰাণামকাৰোত্
স্মি
দ্বন্দ্ব:
সামাসিকস্য
চ
|
অহমেৱাক্ষয়:
কালো
ধাতাত্হং
বিশ্বতোমুখ:
|| ৩৩
বৰ্ণমালাৰ
ভিতৰত মই ’অ’ বৰ্ণ, সমাসৰ ভিতৰত দ্বন্দ্ব সমাস, ময়ে অক্ষয় কাল, মই সমদৰ্শী বিধাতা (কৰ্ম্মফল দাতা) |
মৃত্যু:
সৰ্ব্বহৰশ্চাহমুদ্ভৱশ্চ
ভবিষ্যতাম
|
কীৰ্ত্তি:
শ্ৰীৰ্বাক
চ
নাৰীণাং
স্মৄতিৰ্ম্মেধা
ধৄতি:
ক্ষমা
|| ৩৪
মই সৰ্ব্বসংহাৰক
মৃত্যু, ভবিষ্যতৰ সকলো পদাৰ্থৰ উত্পত্তিৰ স্থলো মই আৰু নাৰীসকলৰ কীৰ্ত্তি, শ্ৰী, বাক, স্মৃতি, মেধা, ধৃতি আৰু ক্ষমা ময়েই |
বৄহত্সাম
তথা
সাম্নাং
গায়ত্ৰীচ্ছন্দসামহম
|
মাসানাং
মাৰ্গশীৰ্ষোত্হমৄতুনাং
কুসুমাকৰ:
|| ৩৫
মই সাম গানসমূহৰ
ভিতৰত প্ৰধান বৃহত্ সাম, ছন্দসমূহৰ ভিতৰত গায়ত্ৰী, মাহৰ ভিতৰত আঘোণ মাহ আৰু ঋতুৰ ভিতৰত বসন্ত |
দ্যুতং
ছলয়তাসস্মি
তেজেস্তেজস্বিনামহম
|
জয়োত্
স্মি
ব্যৱসায়োত্
স্মি
সত্বং
সত্ত্বৱতামহম
|| ৩৬
মই ছলনাকাৰীসকলৰ
পাশাখেলা, তেজস্বীসকলৰ তেজ, বিজয়ীসকলৰ বিজয়, উদ্যমীসকলৰ অধ্যৱসায় বা উদ্যম আৰু সত্পুৰুষসকলৰ সত্ত্বগুণ |
বৄষ্ণীনাং
বাসুদেৱোত্
স্মি
পাণ্ডৱানাং
ধনঞ্জয়:
|
মুনীনামপ্যহং ব্যাস: কৱীনামুশনা: কৱি: || ৩৭
মই বৃষ্ণি বংশৰ ভিতৰত বাসুদেৱ, পাণ্ডৱসকলৰ
ভিতৰত অৰ্জ্জুন, মুনিসকলৰ ভিতৰত ব্যাস, কবিৰ ভিতৰত শুক্ৰাচাৰ্য্য |
দণ্ডো
দময়তামস্মি
নীতিৰস্মি
জিগীষতাম
|
মৌনং চৈৱাস্মি গুহ্যানাং জ্ঞানং জ্ঞানৱতামগম || ৩৮
মই দমনকাৰীসকলৰ
দণ্ড, জয়াভিলাষী পুৰুষৰ নীতি, গোপনীয় বিষয়ত নীৰৱতা আৰু জ্ঞানীসকলৰ জ্ঞান |
যচ্চাপি
সৰ্ব্বভূতানাং
বীজং
তদহৰ্জ্জুন
|
ন
তদস্তি
বিনা
যত্
স্যান্মায়া
ভূতং
চৰাচৰম
|| ৩৯
হে অৰ্জ্জুন,
সকলো প্ৰাণীৰে যি উত্পত্তি কাৰণ সি মই, য’ত মই নাই এনে চৰ বা অচৰ বস্তু অৰ্থাত্ স্থাৱৰ বা জঙ্গম একোৱই নাই |
নাম্তোত্
স্তি
মম
দিব্যানাং
বিভূতিনাং
পৰন্তপ
|
এষ
তুদ্দেশত:
প্ৰোক্তো
বিধূতেৰ্ব্বিস্ত্ৰো
ময়া
|| ৪০
হে শত্ৰুৰ সন্তাপ দায়ক, মোৰ অলৌকিক বিভূতি সমূহৰ অন্ত নাই | মোৰ এই বিভূতিৰ বিস্তাৰৰ মই সংক্ষেপেহে বৰ্ণনা দিলো |
যদযদ্বিভূতিমত্
সত্ত্বং
শ্ৰীমদুৰ্জ্জিতমেৱ
ৱা
|
তত্তদেৱাবগচ্ছ
ত্বং
মম
তেজোত্ংশসম্ভৱম
|| ৪১
যি যি বস্তু ঐশ্বৰ্য্যসম্পন্ন, শ্ৰীমন্ত, তেজস্বী আৰু প্ৰভাৱসম্পন্ন, সেই বস্তুকেই মোৰ তেজোময় অংশৰ পৰা উত্পন্ন বুলি বুজিবা |
অথবা
বহুনৈতেন
কিং
জ্ঞাতেন
তবাৰ্জ্জুন
|
বিষ্টভ্যাগমিদং কৄত্স্নমেকাংশেন স্থিতো জগত্ || ৪২
অথবা হে অৰ্জ্জুন,
এই বহুপ্ৰকাৰে জনাৰ পৰানো তোমাৰ কি লাভ ? (এইখিনি জানিলেই যথেষ্ট হব যে) মই নিজৰ একাংশ মাত্ৰ্ৰৰ দ্বাৰা এই সমূদায় বিশ্বব্যাপী বিদ্যামান আছো |
ইতি
শ্ৰী
মহাভাৰতে
শতসাহস্ৰাং
সংহিতায়াং
বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি
শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সু
ব্ৰক্ষ্ম
বিদ্যায়াং
যোগশাস্ত্ৰে
শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
বিভূতিযোগো
নাম
দশমোত্ধ্যায়:
||